Header Ads Widget

Ticker

6/recent/ticker-posts

মন গ'লেই মাচুল বৃদ্ধি কৰিব নােৱাৰিব প্রাইভেট স্কুলে


মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ অধ্যক্ষতাত আজি অনুষ্ঠিত এক মন্ত্রীগােটৰ বৈঠকে কেইবাটাও গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে। অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই মন্ত্রীগােটৰ বৈঠকৰ পাছতে উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমােহন পাটোৱাৰী সংবাদমাধ্যমকে জানিবলৈ দিয়ামতে কেইবাটাও গুরুত্বপূর্ণ দিশৰ ওপৰত আলােকপাত কৰি সিদ্ধান্ত গ্রহণ কৰে। ইয়াৰ ভিতৰত অন্যতম হৈছে পাৰিতােষিকপ্রাপ্ত প্রাপ্ত গ্রন্থাগারিক পারিতোষিক বৃদ্ধি কৰা, ব্যক্তিগত খণ্ড বিদ্যালয়ে স্বেচ্ছাই মাচুল বৃদ্ধি কৰা কার্যত নিয়ন্ত্রণ, পদপথত ব্যবসায় কৰি চলি থকা সর্বসাধাৰণ আঁচনি, ৰজালীক পূর্ণাংগ জিলা ঘােষণা আদি অন্যতম। মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি ৰাজ্যৰ ১৬১ গৰাকী পাৰিতােষিকপ্রাপ্ত গ্রন্থাগাৰিকে ৯০০ টকাৰ পাৰিতােষিকেৰে কাম কৰি আছে। কিদৰে ১৫৩ গৰাকী সহায়কৰ পাৰিতােষিক হৈছে ৫৫০ টকা। ৰাজ্য চৰকাৰে গ্রন্থাগাৰিক আৰু সহায়কসকলৰ পাৰিতােষিক বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্রহণ কৰি আজিৰ মন্ত্রীমণ্ডলৰ বৈঠকে ১৬১ গৰাকী গ্রন্থাগাবিকৰ পাৰিতােষিক পূর্বব ৯০০ টকাৰ পৰা ১২ হেজাৰ টকালৈ আৰু ১৫৩ গৰাকী সহায়কৰ পাৰিতােষিক বর্তমানৰ ৫৫০ টকাৰ পৰা ৯ হেজাৰ টকালৈ বৃদ্ধি কৰে। মন্ত্রীগােটৰ বৈঠকে লগতে আছাম নন-গৱৰ্ণমেন্ট এডুকেশন ইনস্টিটিউট (রেগুলেশন অব ফীজ) কলছ ২০২০তাে অনুমােদন জনায়। আগস্তুক বিধানসভা অধিবেশন পূর্বে মন্ত্রীগােটৰ বৈঠকে এই নতুন বিধিত অনুমােদন জনােবাটো মন কৰিবলগীয়া। উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে স্বেচ্ছাই অভিভাৱকসকলৰ পৰা বর্ধিত হাৰত মাচুল সংগ্রহ কৰাৰ অভিযােগ আছে। একেদৰে চৰকাৰৰ কোনাে বিধি পালন নকৰি সময়ে সময়ে নিজ সিদ্ধান্ত মর্মে বৃদ্ধি কৰে ছাত্র-ছাত্রীৰ মাচুল। দীর্ঘদিনীয়া এই বিতর্ক তথা অভিযােগৰ অবসান ঘটাবৰ বাবেই ৰাজ্যৰ শিক্ষা বিভাগে পূর্বেই এনে ধৰণৰ ব্যক্তিগত খণ্ডব বিদ্যালয়ক নিয়ন্ত্রণলৈ অনা হ'ব বুলি ঘােষণা কৰিছিল। সেই অনুসৰি আজি মন্ত্রীগােটৰ বৈঠকে আছাম নন গবর্ণমেন্ট এডুকেশন ইষ্টিটিউট (রেগুলেশন অব ফীজ) কলছ ২০২০ত অনুমােদন জনায়। একেদৰে আছাম স্ট্রীট ভেন্ডর (প্রটেকচন অব লাইভলিহুড এণ্ড রেগুলেশন অব ষ্ট্রীট ভেণ্ডিং) স্কীম-২০২০তাে অনুমােদন জনায়। এই আঁচনিৰ জৰিয়তে পদপথত ক্ষুদ্র ব্যবসায় কৰি জীৱন নির্বাহ কৰি থকা লােকসকলক সহায় কৰাৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিব। নির্বাচনৰ প্রাকৃক্ষণত গ্রহণ কৰা এই আঁচনিয়ে পদপথৰ ব্যৱসায়ীসকলক সহায় কৰিব বুলি আশা কৰা হৈছে। একেদৰে আছাম ভেট এক্টৰ অধীনত ভেট ৰিটাৰ্ণ, ফর্ম, এছেছমেন্ট ইত্যাদিৰ সময়সীমা বৃদ্ধিতাে অনুমােদন জনােবা হৈছে। আজি মন্ত্রীগােটৰ বৈঠকে আন এক সুদূবপ্রসাবী সিদ্ধান্ত গ্রহণ কৰি ইমপ্লিমেনটেচন অব উবেৰাইজেচন স্কীম অব এ এছ টি চিত অনুমােদন জনায়। এই আঁচনিৰ অধীনত চৰকাৰী অনুদানসহ ব্যক্তিগত উদ্যোগীৰ জৰিয়তে নতুনকৈ ৬৬৮ খন বাছসেবা আৰ্ত কৰিব। চৰকাৰী অনুদানত ব্যক্তিগত উদ্যোগীয়ে ক্রয় কৰিবলগীয়া এই বাছ ৫ বছৰলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলাব লাগিব। বজালী মহকুমাক পূর্ণাংগ জিলা ঘােষণাৰ লগতে মন্ত্রীগােটৰ বৈঠকে ষ্টেট কে এণ্ড বাফেল ব্রিডিং পলিচী ২০২০ আৰু এছ ডি আৰ এফৰ আৰু দুটা নতুন কোম্পানী গঠনৰ বাবে অনুমােদন জনায়। মন্ত্রীগােটৰ বৈঠকত ড° হিমন্ত বিশ্ব শর্মা, ফণীভূষণ চৌধুৰী আদিকে ধৰি ৰাজ্য চৰকাৰ প্রায় সংখ্যক মন্ত্রী উপস্থিত আছিল।


Post a comment

0 Comments