Header Ads Widget

Ticker

6/recent/ticker-posts

Lockdown ত বিহু কি হব বন্ধুসকল

অ ৰহিম এইবাৰ বিহুতো কি হব? Lockdown যদি নোখোলে অভিজিত ৰিমজিম মনালী ৰক্তিম হতে বজাৰ কেনেকৈ কৰিব? তোৰনো ইমান কি দৰকাৰ মাথা মাৰিবলৈ বিহু হিন্দু য়ে পাতিব অামি কাৰ লাওখোলাতো কৰিম। বন্ধ হওক পাওক মজাটো। আমাক বহুত তিৰস্কাৰ কৰিছে। চাৰিওফালে আমাক লেই লেই চেই চেই কৰিছে। অামি মুচলমানেহে যেন Corona Virus তো আনিছো। হব খং কৰিব নালাগে। সিহঁতৰ খং উঠিবই দেচোন মৰিবলৈনো কাৰ ভয় নাই। আৰু মানুহ বোৰ অাজি লুকাই থকা বাবেই অাজি আমাক ভূল বুজিছে। আৰু সকলোৱে আমাক সমালোচনা কৰা নাই নহয়। আমাৰ ধৰ্মত যেনেকৈ কিছুমান গোড়া মুছলমান অাছে ঠিক তেনেকৈয়ে সিহঁতৰ ধৰ্মতো কিছু উগ্ৰ ধাৰ্মিক লোক অাছে। সেইবোৰে সমাজত সদায় ভাঙোনমুখী পৰিৱেশ এটাৰ সৃষ্টিৰ কৰিব বিচাৰি থাকে। মোৰ কিন্তু বৰ চিন্তা হৈছে সিহঁতে বাপুতি সাহোন বিহুটিৰ বাবে কিমান হেপাহেৰে বাত চাই থাকে আৰু এতিয়া এই পৰিবেশত কি কৰিব। তই যে এইবোৰ ভাবিছ থিকে বাৰু কিন্তু চৰকাৰে যেনিবা বিহুতো পাতিব দিলেই তই তো বিহু খাব যাব নোৱাৰিবি। কিয় কি হব গলে আৰু নাজাম কিয় মই? জধামূৰ্খ এইবাৰ সেই আশা বাদ দে মুছলমান মানুহ বিহু খাব গলেই মানুহ ঘৰৰ পৰা পলাব আৰু তই বন্ধু বুলি বেয়া পাবি বুলি মাতিবও পাৰে। কিন্তু তই গৈ ঘূৰি অহা পিছত যদি গাঁৱৰ মানুহে তোৰ বন্ধু ঘৰক একাষৰীয়া কৰে তেতিয়া কেনেকুৱা লাগিব তোৰ? তই থিকে কৈছ এইবাৰ বিহু খোৱা নহব। গলে চাগে মনতে বেয়া হে পাব। মনতে আশা কৰি আছিলো অাগৰ কেইবাৰৰ দৰে বিহু খাব যাম বিহু নাচ চাম কিন্তু মনৰ আশা মনতে থাকি যাব। তেনেকুৱাতে মোৰ মোবাইলতো বাজি উঠিল। ৰক্তিম দেখোন অ ৰক্তিম কোৱা ভালে আছা? ভাল বেয়া জানাই দেখোন বিহু পালেহি বজাৰ হাট কৰাত লাগি অাছো। সোধা আকৌ কিয় ফোন কৰিলো। কোৱা কি কবা। বিহুৰ দিনা ৰাতিপুৱাই আহি যাবা দেৰি নকৰিবা মায়ে ও সোনকালে আহিব কৈছে। কিন্তু এইবাৰ যাম জানো? কিয় এইবাৰ আকৌ কি হল? বিহু খাবলৈ মনা কৰিছেনে জামাতে? হেই সেইতো কথা নহয় কিন্তু এইবাৰ যি পৰিস্থিতি নোযোৱাতো ভাল হব নেকি! তোমালোকক বেয়া পাব পাৰে ওচৰ চুবুৰীয়া মানুহে আৰু মই সেইটো বিচৰা নাই। শুনা Dost বিহু অসমৰ জাতীয় উৎসৱ। ইয়াতে হিন্দু মুছলমান বুলি কথা নাই আৰু কি ফতুৱা কথাবোৰ কৈছা অাজি। শংকৰ আজানৰ দেশত হিন্দু মুছলমানৰ মাজত ভেদাভেদ কৰ পৰা আহিল। আমাৰ একতাৰ এনাজৰি দাল ইমান কমজুৰি আছিল নে? এটা মহামাৰীক ধৰ্মীয় মেৰুকৰণ কৰি কিছুমান অশিক্ষিত গোড়া মুছলমান আৰু উগ্ৰ হিন্দুত্ব বাদক বিশ্বাস কৰা লোকৰ বাবে অামি আমাৰ একতা বান্ধোন দাল কিয় ছিঙি পেলাম। হিন্দু মুছলমান ভাই ভাই হৈ অামি সদায় শান্তি আৰু এখন প্ৰগতিশীল সমাজ গঢ়ি যাম। দ্বিত্বীয়বাৰ এনেকুৱা কথা নকবা বিহুৰ দিনা সোনকালে আহিবা। কিছু সময় বাবে স্তদ্ধ হৈ গলো চকুজুৰি চলচলীয়া হৈ আহিল। সঁচাকৈ এতিয়াও মানুহ আৰু মানৱতা জীয়াই অাছে। ৰক্তিম বিহু খাবলৈ যাম আৰু প্ৰতিবাৰৰ দৰে এইবাৰো বিহু নাচ চাম।

Post a comment

0 Comments